January 6, 2026 12:06 PM | Amit sah

printer

নতুন দিল্লীত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি কৰিব। শিশুৰ পুষ্টিহীনতা দূৰ কৰিবলৈ সহযোগিতামূলক, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৌশলৰ বিষয়ে আলোচনা কৰাই হৈছে এই সন্মিলনৰ মূল উদ্দেশ্যে। ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন পৰিষদৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ সময়তে শ্রীশ্বাহে দুগ্ধ উপহাৰ কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ মুকলি কৰিব। এই পদক্ষেপৰ অধীনত ছত্তিশগড়ৰ ভিলাই স্টীল প্লাণ্টৰ খনন অঞ্চলত অৱস্থিত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ৪ হাজাৰ শিশু উপকৃত হ’ব। এই কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ দ্বাৰা পৰিচালিত ছত্তিশগড় মিল্ক ফেডাৰেচনৰ জৰিয়তে ভিটামিন-এ আৰু ভিটামিন-ডি যুক্ত বিশেষ গাখীৰ যোগান ধৰা হ’ব। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে IDBI বেংকৰ চি এছ আৰ পদক্ষেপৰ অধীনত শিশু সঞ্জীবনী কাৰ্যসূচীও মুকলি কৰিব। এই কাৰ্যসূচীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ গ্ৰামাঞ্চলৰ অংগনবাড়ী কেন্দ্রত অধ্যয়ন কৰা প্ৰায় ৩ হাজাৰ শিশুক পুষ্টিৰ যোগান ধৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্রীয় মীন, পশুপালন দুগ্ধ আৰু পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণ দেৱীয়ে অংশগ্রহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।