ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 10, 2025 12:17 PM | Amit Shah

printer

অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্রস্তুতি চলিছে। আৰক্ষীৰ শীর্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ চোৱাচিতা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, সশস্ত্র আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলীয়ন প্রশিক্ষণ কেন্দ্ৰ সামৰি পুলিচ একাডেমী গঠন কৰা হৈছে । তিনিটা পৰ্যায়ত নিৰ্মাণ হবলগীয়া এই একাডেনীৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ কৰি পূৰ্বৰ চাৰিটা গোটৰ সকলো বিষয়া-কৰ্মচাৰীক একাডেমীত একত্ৰিকৰণ কৰা হৈছে ।