January 10, 2026 7:44 PM | Amit sah

printer

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে বুলি অমিত শ্বাহৰ প্ৰকাশ

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে। ৰাজ্যসমূহৰ উন্নত আইন-শৃংখলা পৰিবেশে বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ আকর্ষণ কৰে। কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে ৰাজস্থানৰ জয়পুৰত আজি সন্ধিয়া অনুষ্ঠিত নিয়োগপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রীশ্বাহে কয় যে বিভিন্ন প্রত্যাহ্বান সত্বেও ৰাজস্থান চৰকাৰে আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে বিশেষ মনোযোগ দিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখন বৰ্তমান বিনিয়োগকাৰীৰ আকৰ্ষণৰ লক্ষ্য হৈ পৰিছে। তেওঁ কয় যে ৰাজস্থানৰ ভবিষ্যত বৰ উজ্জ্বল। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া ৰাজ্যৰ যুৱ প্রজন্মই দুর্নীতি অবিহনে আৰু স্বচ্ছ নিযুক্তি প্রক্রিয়াৰে কর্মসংস্থাপন লাভ কৰে তেতিয়া এখন ৰাজ্যৰ অগ্রগতি হোৱা বুলি নিশ্চিত হ’ব পাৰি। তেওঁ কয় যে নিযুক্তি দুর্নীতিমুক্ত আৰু স্বচ্ছ প্রক্রিয়াৰে হোৱাটো অতি প্রয়োজনীয়। নতুন ভাৰতীয় ন্যায় সংহিতাৰ অনুচ্ছেদসমূহত আলোকপাত কৰি শ্রীশ্বাহে কয় যে এই আইনকেইখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত ন্যায় প্রদান কাৰ্যই ক্ষিপ্রতা লাভ কৰিব। ইয়াৰ জৰিয়তে দীঘলীয়া আইন প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিব বুলিও তেওঁ আশা প্রকাশ কৰে।

মুখ্যমন্ত্রী ভজনলাল শর্মাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে তেওঁৰ চৰকাৰে আৰক্ষী বাহিনীক উন্নত কৰাৰ বাবে প্রতিশ্রুতি দিছিল। সেই প্রতিশ্রুতি পূৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী শ্রীশ্বাহে ৰাজস্থান আৰক্ষীৰ ১০ হাজাৰ নৱনিযুক্ত কনিষ্টবলক নিযুক্তিপত্র প্রদান কৰে।