December 29, 2025 7:36 PM | Amit sah

printer

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ আজি বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন আৰু গুৱাহাটীত আৰক্ষী আয়ুক্তালয় ও জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বটদ্রবা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্রীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্রকল্প উদ্বোধন কৰিবলৈ আমন্ত্রণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্রীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্রহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্রকাশ কৰে।

ৰাজ্য চৰকাৰে ১ লাখতকৈ অধিক দখলকাৰী লোকক উচ্ছেদ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰা এই ১০টা বছৰ অসমৰ বাবে সোণালী সময়। ভাষণত শ্রীশ্বাহে লোকপ্রিয় গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ছহিদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্রী ড০ শর্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা প্রকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।

এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু মন্ত্রী বিমল বৰা উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে ২২২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্র, গবেষণা কেন্দ্র, কলা কেন্দ্র, নাটঘৰ, দহটা জনগোষ্ঠীয় কুটিৰকে ধৰি বিভিন্ন ব্যবস্থা ৰখা হৈছে। ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ’বলগীয়া এই প্রকল্প বিনামূলীয়াকৈ চাব পাৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। ৩০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আযুক্তৰ কাৰ্যালয় ভৱনত ৪০০ গৰাকী বিষয়াৰ বাবে সু-ব্যবস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কার্যালয়, একত্রিত প্রমাণীকৰণ শাখা আদি আছে। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নতুন ব্যৱস্থাই সুৰক্ষা নিৰাপত্তা, বহনক্ষমতা আৰু ৰাজহুৱা সুবিধা সুনিশ্চিত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পর্কীয় এখন প্রদর্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্রমণ কৰিবলগীয়া ফৰেণচিক বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্রীশ্বাহে খানাপাৰাত নৱ-নির্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ উদ্বোধন কৰে। ৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই প্রেক্ষাগৃহত সম্মিলন ভবন, অত্যাধুনিক দৃশ্য-শ্রব্য ব্যবস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নত মানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্রেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা এহেজাৰ শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ অসম চৰকাৰৰ এই পদক্ষেপক প্রশংসা কৰে।

শ্রীশ্বাহে বৰাগাঁৱত নৱনির্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ ৮৬০গৰাকী বীৰ শ্বহীদৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলিও ৰোপণ কৰে।