December 6, 2025 11:34 AM | Amit sah

printer

অমিত শ্বাহৰ সভাপতিত্ব গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠক

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠকত সভাপতিত্ব কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সানাদাৰত বানাছ দুগ্ধ উদ্যোগৰ জৈৱ চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে সানাদাৰত অত্যাধুনিক ১৫০ টি পি ডি পাউদাৰ গাখীৰ আৰু শিশু খাদ্য প্ৰকল্পৰ আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰিব। কেন্দ্রীয় মন্ত্রী শ্রীশ্বাহে এখন ৰাজহুৱা সভাতো ভাষণ দিব। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত সমবায় মন্ত্র্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিয়ে দুগ্ধ উন্নয়ন, গোলকীয় অর্থনীতি, কৃষি মূল্যৰ সংযোজন, পশুধনৰ উৎপাদনশীলতা, জল সংৰক্ষণ আৰু গ্ৰাম্য সমবায় শক্তিশালীকৰণৰ ক্ষেত্ৰত বানাছ দুগ্ধ প্রতিষ্ঠানে গ্রহণ কৰা বৃহৎ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব।

দিনৰ ভাগত শ্রীশ্বাহে আটথালত নতুনকৈ নির্মিত জৈৱ চি এন জি আৰু সাৰ উদ্যোগত পৰিদর্শন কৰিব। এই উদ্যোগৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি আৰু স্বচ্ছ শক্তি উৎপাদনত গুৰুত্ব আৰোপ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আটথালত গাখীৰ উৎপাদনৰ সৈতে জড়িত মহিলা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।