নতুন দিল্লীত লালকিল্লাৰ সমীপত সোমবাৰে হোৱা গাড়ী বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় নিৰাপত্তা সৈতে বৈঠকত মিলিত হয়। গৃহ মন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালকপ্রধানে অংশগ্রহণ কৰে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্রধানেও ভার্চুবেল ব্যৱস্থাৰে এই বৈঠকত অংশগ্ৰহণ কৰে।
গৃহ মন্ত্রালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এক বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে। মহানগৰখনৰ সকলো স্পৰ্শকাতৰ এলেকাতে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তাজনিত কাৰণত লালকিল্লা মেট ষ্টেচন বন্ধ থাকিব যদিও আন আন ষ্টেচনসমূহত যাতায়াত স্বাভাবিক থাকিব বুলি দিল্লী মেট‘ ৰে‘ল নিগমে প্রকাশ কৰিছে। কাইলৈ লৈকে লালকিল্লাও দর্শনার্থীসকলৰ বাবে বন্ধ ৰখা হ‘ব।
ইপিনে দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্র দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অবলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে‘ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ ৰে‘লৱে ষ্টেচনত চি আৰ পি এফে তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলৰ মাজত মাইকযোগে সজাগ, সচেতন আৰু সতর্ক হোৱাৰ আহ্বান জনায়। ৰে‘লে ষ্টেচনসমূহত ড্রোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত তৎকালীনভাৱে প্রযোজ্য হোৱাকৈ প্রশাসনে সমদল, ৰেলী, মাৰাথান আদি কাৰ্যসূচী নিষিদ্ধ কৰিছে। মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে।
অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ‘ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি প্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ভয়াবহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্রয়োজন হ‘লে গ্ৰেপ্তাৰ কৰা হ‘ব বুলি সকীয়াই দিয়ে। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা লোকৰ বিৰুদ্ধে তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নির্দেশ দিয়ে।