ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 16, 2025 1:14 PM | Amit sah

printer

নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ’ৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে ড্রাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে এই লক্ষ্যত উপনীত হ’বলৈ ৰোডমেপ প্ৰস্তুত কৰাৰ কৌশলগত মঞ্চ হিচাপে কাম কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ দ্বাৰা আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে ইউনাইটেড ৰিজ’লভ, শ্বেয়াৰ্ড ৰেচপন্সিবিলিটি।

ড্ৰাগছৰ বিৰুদ্ধে মোডী চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে । উল্লেখযোগ্য যে,এই দুদিনীয়া সন্মিলনত দেশত ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো অংশীদাৰে কৰা সামূহিক প্ৰচেষ্টাৰ বিস্তৃত পর্যালোচনা আৰু বিশ্লেষণ অনুষ্ঠিত হ’ব আৰু ভৱিষ্যতৰ ৰ’ডমেপ সম্পৰ্কে আলোচনা কৰা হ’ব। সন্মিলনৰ সময়ত নিচামুক্ত ভাৰত ২০৪৭, তদন্ত আৰু পৰীক্ষাত ফলপ্ৰসূতা বৃদ্ধিকে ধৰি আঠটা কাৰিকৰী অধিবেশন অনুষ্ঠিত হ’ব। এই সন্মিলনত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাদকদ্রব্যবিৰোধী টাস্ক ফ’ৰ্চৰ মুৰব্বীসকলৰ উপৰিও অন্যান্য চৰকাৰী বিভাগৰ অংশীদাৰসকলেও অংশগ্রহণ কৰিব। এই উপলক্ষে গৃহমন্ত্রীয়ে মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদন- ২০২৪ প্ৰকাশ কৰাৰ লগতে অনলাইন ড্রাগছ নিষ্কাশন অভিযান আৰম্ভ কৰিব। উল্লেখযোগ্য যে ২০২৩ চনৰ এপ্ৰিল মাহত মাদকদ্রব্য বিৰোধী টাস্ক ফৰ্চৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল।