ডাউনলোড
মোবাইল এপ

android apple
signal

August 28, 2025 1:22 PM | Amit sah

printer

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হবলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীর্ষ নেতা উপস্থিত থাকিব। প্রায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্রতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। সন্মিলনৰ পূৰ্বে শ্ৰী শ্বাহে অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্রাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ লব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে।