ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 6:49 PM | Amit sah

printer

অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ বুজ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ২০ হাজাৰ পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্রহণেৰে এখন পঞ্চায়ত সন্মিলনত ভাগ ল’ব। এই সন্মিলনত বিজেপিৰ ১৬ হাজাৰ ৬৭১ গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে অগপৰ ১৫ শৰো অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদকে ধৰি সকলো স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। অৱশ্যে বিটিচি নিৰ্বাচনৰ বাবে বিটিআৰৰ কোনো প্রতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ নকৰে। মন্ত্ৰী পীযূষ হাজৰিকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ কর্মকর্তাই আজি খানাপাৰাৰ অনুষ্ঠানস্থলীত সকলো ব্যৱস্থাৰ বুজ লোৱাৰ লগতে সামগ্রিক দিশ পর্যবেক্ষণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উপলক্ষে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।