কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া চত্তিশগড়ৰ ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই পর্যালোচনা বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে বাওঁপন্থী উগ্রবাদ অধ্যুষিত ৭ খন ৰাজ্য- চত্তিশগড়, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ‘ব বুলি শ্ৰীশ্বাহে সজোৰে কয়। আমাৰ নিৰাপত্তা বাহিনীসমূহৰ সাহস আৰু চোৰাংচোৱা সংস্থাসমূহৰ কৌশলগত ব্যৱস্থাৰ জৰিয়তে চৰকাৰে এই লক্ষ্যত উপনীত হ‘বলৈ সমৰ্থ হ‘ব বুলি তেওঁ কয়। শ্ৰীশ্বাহে নক্সালবাদৰ পথ অনুসৰণ কৰা যুৱকসকলক সেই পথ পৰিহাৰ কৰি চত্তিশগড় চৰকাৰৰ সমৰ্পণ নীতিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে চত্তিশগড় চৰকাৰে আত্মসমৰ্পণকাৰী নক্সালবাদীসকলক দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব।
Site Admin | June 23, 2025 11:29 AM | Amit sah
অমিত শ্বাহৰ অধ্যক্ষতাত ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত পর্যালোচনা বৈঠক
