ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 8, 2025 1:47 PM | Amit sha

printer

৩খন নতুন আইন ৰূপায়ণ সন্দৰ্ভত যোগী আদিত্যনাথৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৩ খন নতুন অপৰাধমূলক আইন শাস্তিমুখী নহয়, বৰঞ্চ ভুক্তভোগী কেন্দ্ৰিক আৰু ক্ষিপ্ৰ ন্যায়ৰ উদ্দেশ্যেৰে গঠিত বুলি প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নতুন দিল্লীত তিনিখন নতুন আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ আটাইকেইটা আয়ুক্ততে এশ শতাংশ কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব লাগে। উত্তৰ প্ৰদেশৰ দৰে বৃহৎ জনসংখ্যা থকা ৰাজ্যসমূহত নতুন অপৰাধমূলক আইন ৰূপায়ণে সমগ্ৰ দেশতে এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰযুক্তি ব্যৱহাৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখনতকৈ অধিক ফৰেন্সিক মোবাইল বাহন উপলব্ধ হব লাগে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে মুঠ পঞ্জীয়নভুক্ত এফ আই আৰৰ কিমানটা নিজ নিজ ৰাজ্যলৈ হস্তান্তৰ সন্দৰ্ভত নিয়মীয়া আৰু নিৰন্তৰ নিৰীক্ষণ হব লাগে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতি ১৫ দিনৰ মূৰত আইনসমূহ অগ্রগতি পুনৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰগৰাকীক আহ্বান জনায়। তেওঁ লগতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীক সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াৰ সৈতে সপ্তাহত এবাৰকৈ পুনৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।