ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ ভিতৰত থকা অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব। ৰাষ্ট্ৰপতিৰ সচিবালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই অমৃত উদ্যান খোলা থাকিব। প্রতি দেওবাৰে উদ্যানখন বন্ধ থাকিব। জনসাধাৰণে বিনামূলীয়াকৈ উদ্যানত প্ৰৱেশ কৰিব পাৰিব। তদুপৰি visit.rashtrapatibhavan.gov.in বেবচাইটৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰিব পাৰিব।
Site Admin | January 22, 2026 8:40 PM | Amrit Udyan
অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি