কামৰূপ জিলাৰ আমিনগাঁৱত আজি যক্ষ্মা মুক্ত পঞ্চায়ত শীর্ষক প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। কামক জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত আয়োজন কৰা এই প্রশিক্ষণ শিবিৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কেইবাগৰাকী প্রশিক্ষকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সভাপতিত্ব কৰা এই শিবিৰত জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক উপস্থিত থাকে। জিলাখনৰ ১৩৯টা পঞ্চায়তৰ ভিতৰত ২৮টা পঞ্চায়তক যক্ষ্মা মুক্ত পঞ্চায়ত হিচাপে ঘোষণা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্রকাশ কৰে।
Site Admin | December 18, 2025 6:40 PM | Amingoan
আমিনগাঁৱত আজি যক্ষ্মা মুক্ত পঞ্চায়ত শীর্ষক প্রশিক্ষণ শিবিৰ অনুষ্ঠিত