ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰত ছেমি ফাইনেলত

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুর্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমি ফাইনেলত প্ৰবেশ কৰে। প্ৰথম ছেটত ভাৰতে ৪৪-৪৫ পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত ৪৫-৩০ আৰু তৃতীয় ছেটত ৪৫-৩৩ পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে। ছেমি ফাইনেলত প্ৰবেশ কৰাৰ লগে লগে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ বাবে এটা পদক নিশ্চিত হ’ল। কাইলৈ ছেমি ফাইনেলত ইণ্ডোনেছিয়া আৰু ভাৰত মুখামুখি হ’ব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ পদক নিশ্চিত হ’ল।