ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰত-ইউ এ ই খেল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ’ব। কালি অনুষ্ঠিত খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কালিৰ খেলখনত শ্ৰীলংকাক ২-০ গেমত পৰাস্ত কৰি ভাৰতে গ্ৰুপ এইছৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পথ মুকলি কৰে। কালি অনুষ্ঠিত আন এখন খেলত ইউ এ ই-য়ে নেপালক ২-০ গেমত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত আজি নেপাল শ্ৰীলংকাৰ মুখামুখি হ’ব।