ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2024 9:22 PM | Amit sha

printer

ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু হৈছে। গুজৰাটৰ আনন্দত আজি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ হীৰক জয়ন্তী সমাৰোহত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বর্তমান মাত্ৰ ডেৰ কোটি দুগ্ধ উৎপাদক সমবায় খণ্ডৰ সৈতে জড়িত হৈ আছে যদিও অধিকাংশ মীন পালকৰ শোষণ অব্যাহত আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ দুগ্ধ উৎপাদন খণ্ডৰ বছৰি ৬ শতাংশ হাৰত বিকাশ হৈ আছে আৰু এই হাৰ বিশ্বৰ গড় হাৰতকৈ অধিক। তেওঁ লগতে তেওঁ লগতে দুগ্ধ উদ্যোগৰ সাফল্য আৰু দুগ্ধ উৎপাদকসকলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন পৰিষদৰ ভূমিকাৰ ভূয়সী প্রশংসা কৰে। পৰৱৰ্তী ৫ বছৰত দেশত ২ লাখ সমবায় গঠন কৰাৰ বাবে বিজেপি চৰকাৰৰ পৰিকল্পনাৰ বিষয়েও শ্ৰীশ্বাহে প্ৰকাশ কৰে। দুগ্ধ উৎপাদন খণ্ডৰ বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় গোকুল মিছনৰ লেখিয়া চৰকাৰৰ বিভিন্ন উদ্যমৰ কথা উল্লেখ কৰে। সমাৰোহত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ খেতিয়ককেন্দ্রিক ভালেমান প্রকল্প উদ্বোধন কৰে আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ নতুন চৌহদো মুকলি কৰে। কেন্দ্ৰীয় দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সি, গুজৰাটৰ পশুপালন মন্ত্ৰী ৰাঘৱ জী পেটেল, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডº মিনেশ শ্বাহ সমাৰোহত উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।