October 17, 2025 8:26 PM | Amit sah

printer

বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। তেওঁ চাৰণত তৰাইয়াৰ বিধায়ক জনক সিং আৰু অমন’ৰ প্ৰাৰ্থী কৃষ্ণ কুমাৰ মন্টুৰ হৈ প্ৰচাৰ চলায়। চাৰাণত তৰাইয়াত এখন নির্বাচনী সভাত ভাষণ দি শ্রীশ্বাহে বিগত দুটা দশক ধৰি ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে এন ডি এ মিত্রজোট নীতিশ কুমাৰৰ নেতৃত্বত নির্বাচনী খুঁজত অৱতীৰ্ণ হৈছে। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱদানৰ বিষয়ে আলোকপাত কৰি শ্রীশ্বাহে তেওঁক দুখীয়াৰ বাবে বৰদান বুলি অভিহিত কৰে। তেওঁ লগতে অপাৰেচন সিন্দুৰক সন্ত্রাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ব্যবস্থা বুলি উল্লেখ কৰে। ইয়াৰ পূর্বে শ্রীশ্বাহে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ সৈতে তেওঁৰ পাটনাৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে বিহাৰত ৬ আৰু ১১ নৱেম্বৰত দুটা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হব।