আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি ফর্ডো, নটাঞ্জ আৰু ইস্ফহানত কৰা আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান কৰিছে। ইয়াৰ মাজতে ৰাছিয়া, চীন আৰু পাকিস্তানে ১৫ জনীয়া সদস্য সমিতিক মধ্যপ্রাচ্যত তাৎক্ষণিক আৰু বিনাৰ্চতে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাষণ দি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিয় গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক মধ্যপ্রাচ্যত অস্থিৰতা হ্ৰাস কৰাৰ উদ্দেশ্যে শীঘ্ৰেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গুটেৰেছে কৈছে, যে সংঘৰ্ষ বন্ধ কৰাৰ লগতে আমি ইৰানৰ পৰমাণু কাৰ্যসূচী সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিবৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক ৰূপত কাম কৰা উচিত ।
Site Admin | June 23, 2025 11:09 AM | America | Iran
আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান
