নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রদূত হিচাপে মনোনিত ছৰ্জিঅ’ গ’ৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য কৰিছে। দেশখনৰ উচ্চ সদন চিনেটত নিজৰ নিযুক্তিৰ সময়ত শ্ৰীগ’ৰে, ভাৰতক দেশখনৰ কৌশলগত সহযোগী বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতৰ ভৌগোলিক অৱস্থান, আর্থিক বিকাশ আৰু সামৰিক সামৰ্থই দেশখনক আঞ্চলিক সুস্থিৰতা মূল স্তম্ভ কৰি তোলে। উমৈহতীয়া সমৃদ্ধি আৰু সুৰক্ষাৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশৰ পৰাও ভাৰত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগ’ৰে কয়, যে তেওঁ ভাৰতৰ সৈতে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা অধিক গভীৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ ভিতৰত যৌথ সামৰিক অনুশীলনৰ সম্প্ৰসাৰণ, প্ৰতিৰক্ষা প্ৰণালীৰ সহ বিকাশ আৰু সহ উৎপাদন আৰু গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিৰ সম্পাদন অন্যতম বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতত ১৪০ কোটি জনসাধাৰণ আৰু ইয়াৰ দ্ৰুত বিকাশশীল মধ্যবিত্ত শ্রেণীয়ে কৃত্রিম বুদ্ধিমত্তাৰ পৰা ভেষজৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত আমেৰিকাৰ বাবে অপাৰ সম্ভাৱনা কঢ়িয়াই আনে। মনোনীত ৰাষ্ট্রদূতগৰাকীয়ে কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰই অহা সপ্তাহত এটা ভাৰতীয় প্ৰতিনিধি দলক ৱাশ্বিংটন ভ্রমণলৈ আমন্ত্ৰণ জনাইছে আৰু দুয়োপক্ষ চুক্তি সম্পাদনৰ নিচেই কাষ চাপিছে।
ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কোৱাট্টাই ৰাষ্ট্রদূত হিচাপে গ’ৰৰ মনোনয়নৰ প্ৰতি আদৰণি জনাই কৈছে যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে তেওঁৰ এগৰাকী বিশ্বাসী সহযোগী ভাৰতত দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে প্ৰেৰণ কৰিবলৈ ওলাইছে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে যোৱা ২২ আগত তেওঁৰ ঘনিষ্ঠ সহযোগী ছৰ্জিঅ’ গ’ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্রদূত হিচাপে নিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল ৷