এডভাণ্টেজ আছামৰ অধীনত উমৰাংছ’, হোজাই, ৰঙিয়াত ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছ লিমিটেডৰে চৰকাৰৰ বুজাবুজিৰ চুক্তি

ৰাজ্য চৰকাৰে বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অধীনত উমৰাংছ’, হোজাই আৰু ৰঙিয়াৰ ৩ টা গুৰুত্বপূৰ্ণ চিমেণ্ট গোটত ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছ লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰকল্পই ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে ৭ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে অন্য সংস্থাসমূহকো অসমত বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।