অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীবন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেবী ৰায়চৌধুৰীক তেজোদীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশপ্ৰেমৰ আদৰ্শৰে সমুজ্জ্বল, অসমীয়া জাতি-সত্তাৰ উত্তৰণৰ অন্যতম মার্গদর্শক অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
বৰপেটাত আজি অসম কেশৰীৰ স্মৃতি দিৱস উপলক্ষে কেইবাটাও অনুষ্ঠান সংগঠনে শ্রদ্ধা নিবেদন কৰে। বৰপেটা চহৰৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানৰ সমীপত থকা অসম কেশৰীৰ প্ৰতিমূর্তিস্থলীত শ্রদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ আবৃত্তি প্রতিযোগিতাৰো আয়োজন কৰা হয়।