ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীবন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্রান্তত শ্রদ্ধা নিবেদন কৰা হৈছে।

স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেবী ৰায়চৌধুৰীক তেজোদীপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে।

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি অসমৰ জাতীয় জীৱনৰ বৰেণ্য সত্ত্বা অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। স্বাধীনতা সংগ্ৰামৰ পৰা অসমীয়া ভাষা সাহিত্য তথা সমাজ-সংস্কৃতিলৈ ৰায়চৌধুৰীয়ে অমূল্য অবদান আগবঢ়াই গৈছে বুলি তেওঁ উল্লেখ কৰে। অসম কেশৰীৰ স্বদেশ প্ৰেমৰ আদর্শই এখন সমৃদ্ধ অসম গঢ়াৰ বাবে প্রতিটো প্রজন্মক উৎসাহিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন জাতীয় চেতনা দিৱস হিচাপে পালন কৰা হয়। বৰপেটা সাহিত্য সভাই আজি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা এই দিৱসত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰক অসম অসম কেশৰী বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক ৰতন সাউদে অংশ লৈ ভাষণ দিয়ে।