ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 8:18 PM | Ambikagiri

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰলৈ শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতি চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰায়চৌধুৰীৰ পুণ্য তিথিত গভীৰ শ্রদ্ধা জ্ঞাপন কৰিছে। জাতীয় জীৱনৰ এগৰাকী বন্দিত সত্বা ৰায়চৌধুৰীৰ সৃষ্টিৰাজিয়ে অসমৰ সাহিত্য আৰু সংগীতক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ বাৰ্তাত উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম কেশৰীৰ পুণ্য তিথিত শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে অসমক উন্নতিৰ নতুন শিখৰত উপনীত কৰোৱাৰ যাত্ৰাত ৰায়চৌধুৰীৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা সকলোৰে পাথেয় হৈ ৰ’ব।
       বৰপেটাত আজি অসম কেশৰীৰ স্মৃতি দিৱস উপলক্ষে কেইবাটাও অনুষ্ঠান-সংগঠনে শ্রদ্ধা নিবেদন কৰে। বৰপেটা চহৰৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানৰ সমীপত থকা অসম কেশৰীৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ আবৃত্তি প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।