December 6, 2025 11:51 AM | DR. B.R. ambedkar

printer

সমগ্র দেশতে ড° বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মৃত্যু বার্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ

ভাৰতৰ সংবিধান প্রণেতা, সমাজ সংস্কাৰক, আইনজ্ঞ তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড° বি আৰ আম্বেদকাৰৰ আজি ৭০ সংখ্যক মৃত্যু বার্ষিকীত সমগ্র দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ড° আম্বেদকাৰৰ মৃত্যু বার্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্রান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা নতুন দিল্লীৰ সংসদভবন চৌহদৰ প্ৰেৰণাস্থলত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ড° আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবিধান প্রণেতাগৰাকীৰ মৃত্যু বার্ষিকীত ৰাজ্যবাসীৰ হৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে।