ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 27, 2025 11:47 AM | Amarnath Yatra

printer

অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে মনোজ সিনহাৰ বৈঠক

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কালি শ্রীনগৰৰ ৰাজভৱনত অহা ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে বিজেপি, কংগ্ৰেছ আৰু পি ডি পিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। বৈঠকত উপ ৰাজ্যপালগৰাকীয়ে এই পৱিত্ৰ যাত্ৰা নিৰাপদে আৰু সুকলমে সম্পন্ন কৰাৰ বাবে অমৰনাথ জী দেৱোত্তৰ পৰিষদ, প্ৰশাসন, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সুৰক্ষা বাহিনী তথা আন সকলো অংশীদাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। উপ ৰাজ্যপালগৰাকীয়ে কয়, যে বাবা অমৰনাথৰ আশীৰ্বাদ আৰু প্ৰয়োজনীয় সা-সুবিধাসমূহ চকুত চলা ধৰণে বৃদ্ধি কৰাৰ ফলত এই বেলি যাত্ৰীসকলৰ বাবে এই ধৰ্মীয় যাত্ৰাটো স্মৰণীয় আৰু আধ্যাত্মিকভাৱে পৰিপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে । বৈঠকত উপ ৰাজ্যপালগৰাকীয়ে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ উপৰি অমৰনাথ যাত্ৰা অধিক সুবিধাজনক আৰু বেমেজালি মুক্ত কৰি তোলাৰ বাবে তেওঁলোকৰ সহযোগিতা কামনা কৰে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।