June 6, 2025 12:53 PM | operation siva

printer

অহা ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰ নাথ যাত্ৰাৰ বাবে অপাৰেছন শিৱা আৰম্ভ

জম্মু-কাশ্মীৰত সেনা বাহিনীয়ে অহা ৩ জুলাইৰ পৰা আৰম্ভ হবলগীয়া ৩৮ দিনীয়া অমৰ নাথ যাত্ৰাৰ সম্পূৰ্ণ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি এক বিস্তৃত নিৰাপত্তা পদক্ষেপ হিচাপে অপাৰেছন শিৱা আৰম্ভ কৰিছে। যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাকে ধৰি শেহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষী আৰু শ্ৰীঅমৰনাথ জী তীৰ্থ পৰিষদৰ উদ্যোগত সেনা বাহিনীয়ে তীর্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অপাৰেচন শিৱাত ৪২ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী জড়িত হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।