অমৰনাথ গুহা দর্শনৰ বাবে যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ দল কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা

● পৱিত্ৰ অমৰনাথ গুহাৰ বাবে জন্মৰ ভগৱতী নগৰ যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা ১৬২ খন বাহনেৰে এই তীর্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত ৩ হাজাৰ ৪৬৪ গৰাকী পুৰুষ, এহেজাৰ ৩৩৩ গৰাকী মহিলা, ১৪টি শিশু, ৬৪ গৰাকী সাধু-সন্ত আছে। ইয়াৰে এহেজাৰ ৯১৮ গৰাকী তীর্থযাত্ৰীয়ে বালটল শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫ মিনিটত যাত্ৰা কৰাৰ বিপৰীতে ২ হাজাৰ ৯৫৭ গৰাকীয়ে পেহেলগাম শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫০ মিনিটত যাত্ৰা কৰে।