সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত কালি জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। সভাত অংশ লৈ মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণত কয়, যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব দিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰিব। ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত কালি বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাসকলে জনজাতিকৰণৰ বিষয়টোত চৰকাৰে হেমাহি কৰা বুলি অভিযোগ কৰে। অনুষ্ঠানত অংশ লৈ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কয়, যে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে। এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ চৰকাৰে পৃথকে পৃথকে আলোচনা কৰি আছে বুলি শ্ৰী বৰাই উল্লেখ কৰে।
ইপিনে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত ৰাজ্য চৰকাৰ বহুখিনি আগবাঢ়িছে আৰু অহা নৱেম্বৰত এই সন্দৰ্ভত বিধানসভাত বিস্তৃত প্রতিবেদন দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।