January 16, 2026 12:55 PM | Akashvani

printer

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ আজি নিচেই পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ প্ৰথমগৰাকী ইংৰাজী ভাষাৰ ঘোষিকা হিচাপে নিযুক্তি লাভ কৰা ফৌজিয়া ৰহমান বিশেষকৈ উজনি অসমৰ শ্ৰোতাসকলৰ মাজত ইফি বাইদেউ হিচাপে পৰিচিত আছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰি তেওঁ যোৱা শতিকাৰ সপ্তম দশকৰ আগভাগত আকাশবাণী ডিব্ৰুগড় কেন্দ্রত ঘোষিকা হিচাপে যোগদান কৰে। ইয়াৰ পাছত প্রায় দুই দশক জুৰি তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ ঘোষিকা হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰিছিল। জনপ্রিয় ঘোষক চৈয়দ চাদুল্লাৰ সৈতে ফৌজিয়া ৰহমানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ইংৰাজী ভাষাত কেইবাটাও জনপ্রিয় অনুষ্ঠান প্রযোজনা কৰিছিল। তেওঁৰ স্বামী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° আলফ্রেড ৰহমানৰ মৃত্যুৰ পাছত ফৌজিয়া ৰহমানে গুৱাহাটীত বসতি কৰিবলৈ লৈছিল। ফৌজিয়া ৰহমানৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নিয়া হৈছে আৰু তাতেই তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব। জনপ্রিয় ঘোষিকাগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ শিল্পী, কলা-কুশলীৰ লগতে বিভিন্নজনে শোকপ্ৰকাশ কৰিছে।