ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 7:04 PM | Akata divas

printer

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্রদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰীয় একতা দিৱসত বিচক্ষণ ৰাজনীতিবিদ গৰাকীলৈ শ্রদ্ধা নিবেদন কৰাৰ লগতে সকলোকে ৰাষ্ট্রীয় সংহতি আৰু একতা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত একতাৰ বাবে দৌৰ শীৰ্ষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে এই কার্যসূচী মুকলি কৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা এই সমদলত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে অংশ লয়। বিশেষ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান বিশেষ শাখাৰ হীৰেন নাথ, মহানগৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থসাৰথি মহন্তকে ধৰি কেইবাগৰাকীও বিভিন্ন বৰ্গৰ বিষয়া কৰ্মচাৰী আৰু জোৱানে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ধেমাজিত জিলা বিজেপিৰ উদ্যোগত একতা সমদল উলিওৱা হয়। এক ভাৰত আত্মনিৰ্ভৰশীল ভাৰত, এক ভাৰত শ্রেষ্ঠ ভাৰত শ্লোগানেৰে ভালেসংখ্যক লোকে এই কার্যসূচীত অংশগ্রহণ কৰে।

চৰাইদেউ জিলাৰ সোণাৰীতো বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। মন্ত্রী যোগেন মহনে আজি চৰ্দাৰ বল্লবভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। লৌহ পুৰুষগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি অনাগত দিনত ৰূপায়ণ হ’বলগীয়া বিভিন্ন কার্যসূচী সম্পর্কে তেওঁ সংবাদমেলত অৱগত কৰে। কাৰ্যসূচী অনুসৰি অহা ৫ নৱেম্বৰত জিলাখনত স্বাস্থ্য শিবিৰ আৰু ৭ নবেম্বৰত পদযাত্ৰা আৰু স্বদেশী মেলাৰ আয়োজন কৰা হ’ব বুলি তেওঁ কয়।

একতা দিৱস উপলক্ষে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত এখন বাটৰ নাট প্রদর্শন কৰা হয়। নিচাযুক্ত দ্রব্য বিৰুদ্ধে যুৱ প্রজন্মক সজাগ কৰাৰ লক্ষ্যৰে এই বাটৰ নাট প্রদর্শন কৰা হয়। বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত পুৱাৰ ভাগত একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়।

বজালীৰ জিলা বিজেপিৰ উদ্যোগত পাঠশালাত একতাৰ সমদল শীর্ষক এটি কার্যসূচী অনুষ্ঠিত হয়। জিলা বিজেপিৰ কেইবাগৰাকীও কর্মীৰ এই সমদলত অংশ লৈ আধুনিক ভাৰতৰ ৰূপকাৰগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে।

বৰপেটাত জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰক্ষীৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

পশ্চিম কাৰ্বি আংলঙতো জিলা আৰক্ষীৰ সহযোগত হামবেনত ৰাষ্ট্ৰীয় একতা দিবস কাৰ্যসূচী অনুষ্ঠিত হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি হামৰেন থানাৰ পৰা জিৰছং বিদ্যালয়লৈ একতাৰ সমদল উলিওৱা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।