ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণীৰ উত্তৰ- পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্রীভাটনাগৰে কয় যে আকাশবাণী সদায় জনগণৰ কণ্ঠ হৈ আছে আৰু পূৰ্বৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম আৰক্ষীৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্রাক্তন সঞ্চালক প্রধান প্রদীপ কুমাৰ, নেডফিৰ সঞ্চালক এছ কে বৰুৱা, গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিবেশ আৰু বহনক্ষম শাখাৰ মুৰববী সিদ্ধার্থ ফুকনে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ সঞ্চালনা কৰে পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালকপ্রধান জেন নেমছুয়ে। এই অনুষ্ঠানত বিগত কেইটামান বছৰত উত্তৰ-পূবৰ চিকিৎসা, নিৰাপত্তা, অসামৰিক বিমান পৰিবহণকে ধৰি বিভিন্ন খণ্ডৰ বিকাশৰ পৰ্যালোচনা কৰা হয়। আলোচনাচক্ৰৰ পাছতে আঞ্চলিক বাতৰি বিভাগৰ স্মৰণিকা আকাশী বার্তা উন্মোচন কৰে পি আই বি গুৱাহাটীৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰি পাড়ে। ইয়াৰ পাছতে বাতৰি বিভাগৰ ন-পুৰণি সদস্যসকলৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ কেইবাগৰাকীও প্রাক্তন সদস্যই মত বিনিময় কৰে। শেষত সুৰৰ শৰাই শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া জে পি দাসে উদ্বোধন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকে। সংগীতানুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰই বেহেলা বাদন আৰু মিৰাণ্ডা চৌধুৰী, পুলক বেনাৰ্জী, ডলী ঘোষ সাধ্যই গীত পৰিবেশন কৰে।