December 12, 2025 11:39 AM | Award

printer

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅশ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে, ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীৰ মুদৈবিলত প্রতিষ্ঠা লাভ কৰা ৰেডিঅশ্রোতা সংঘই মূলতঃ ৰেডিঅপ্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্রতি বছৰে ৰেডিঅৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্রোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্রোতাবন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্রোতাবন্ধু বঁটা দুগৰাকী শ্রোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতিয়া আৰু তিনিচুকীয়া কাকপথাৰ ১ নম্বৰ তেজী গাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। অহা ২৫ ডিচেম্বৰত মাজুলীৰ শ্ৰীশ্ৰীএলেংগি টকৌবাৰী সত্ৰত হবলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ ষোড়শ প্রতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হব। এই বঁটাত এটাকৈ ৰেডিঅ’ চেট, স্মাৰক, জাপি, সম্বর্দ্ধনা পত্র, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্রদান কৰা হব।