January 30, 2025 8:50 PM | Akashvani

printer

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আকাশবাণীত সংসদ কে সমক্ষ মুডে আৰু ইছ্যুজ বিফ’ৰ পালিয়ামেন্ট শীর্ষক বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুডে আৰু ইছ্যুজ বিফৰ পালিয়ামেন্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহত নিশা চাৰে ৯ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনবৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো শুনিবলৈ পোৱা যাব।