ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 28, 2025 8:12 PM | Akashvani

printer

আকাশবাণীত গুৱাহাটী কেন্দ্ৰত তোমাৰ নিবিড় মায়াৰে নাটকখনৰ কলাকুশলীসকলক সম্বর্ধনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দৃষ্টিহীনসকলৰ বাবে পৰীক্ষামূলকভাৱে প্রযোজনা কৰা তোমাৰ নিবিড় মায়াৰে নামৰ নাটকখন প্ৰথম মঞ্চস্থ হোৱাৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে আজি নাটকখনৰ নাট্যকাৰ আৰু কলাকুশলীসকলক সম্বর্ধনা জনোৱা হয়। আজি বিয়লি কেন্দ্ৰটোৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালক প্রধান ৰবীন চন্দ্র বড়োৱে নাটখনৰ অভিনেত্রী অপর্ণা দত্ত চৌধুৰী আৰু অভিনেতা সত্যজিৎ গগৈক স্মাৰক আৰু ফুলাম গামোচাৰে সম্বর্ধনা জনায়। নাটখনৰ নাট্যকাৰ ঋতুপর্ণ দাসে এই নাটখনৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰে। অভিনেত্রী অপর্ণা দত্ত চৌধুৰী আৰু অভিনেতা সত্যজিৎ গগৈয়েও নাটখনত কৰা তেওঁলোকৰ অভিনয়ৰ উপলব্ধিৰ বিষয়ে বক্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ, অনুষ্ঠান শাখাৰ বিষয়া কার্তিক সূত্ৰধৰ, ভাস্কৰ গগৈ আৰু ইন্দ্রজিৎ দাসেও নাটখন সম্পর্কে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে তোমাৰ নিবিড় মায়াৰে নামৰ নাটকখনৰ ইতিমধ্যে নতুন দিল্লীকে ধৰি বিভিন্ন স্থানত ২৪ টা দর্শনী অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।