ডাউনলোড
মোবাইল এপ

android apple
signal

August 7, 2025 12:51 PM | Akashvani

printer

আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন

ভাৰতীয় প্ৰচাৰণ সেৱাৰ ৯০ বছৰ : আকাশবাণী গুৱাহাটীৰ  উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ  ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে  যুৱবাণী শাখাৰ দ্বাৰা বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা চাৰে ন বজাৰ পৰা “আকাশবাণীৰ ৯০ বছৰ” শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্ৰতিযোগিতা পৰিচালনা কৰিব। প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব লাগিব। দলৰ সদস্য সকল একেখন শৈক্ষিক প্ৰতিষ্ঠান অথবা ভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰো হ’ব পাৰে। আনহাতে, কাইলৈ দুপৰীয়া ১ বজাৰ পৰা  আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা,ঘটনা-পৰিঘটনাক সামৰি আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। মাধ্যম – অসমীয়া। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব। বিজয়ীসকলক আকৰ্ষণীয়  পুৰস্কাৰ প্ৰদান কৰাৰ লগতে  আকাশবাণীৰ যুৱবাণী  অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্রণ জনোৱা হ’ব। কাইলৈ বিয়লি ৪ বজাত, শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অডিচনত উত্তীর্ণ হোৱা সকলকো  প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। পঞ্জীয়ন তথা সবিশেষ জানিবলৈ আকাশবাণী গুৱাহাটীৰ  ফেচবুক পেজ AIR Guwahati চাব পাৰে, অথবা আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে। কাইলৈ সন্ধ্যা চাৰে পাঁচ বজাৰ পৰা নতুন প্ৰজন্মৰ ৰেডিঅ’ অনুৰাগী যুৱক-যুৱতী সকলে দেশপ্ৰেমমূলক গীত, কবিতা, নৃত্যৰ এটি অনুষ্ঠান পৰিৱেশন কৰিব  বুলি আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান সমূহৰ মুৰব্বী তথা সহকাৰী সঞ্চালক কৰ্ডেলিন থ্যানখ্যিউৱে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।