ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ কেইবাজোপাও পুৰণি গছ উভালি পৰাৰ ফলত ষ্টুডিঅ’ আৰু কাৰ্যালয়ত বিদ্যুৎ যোগান ব্যাহত

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ প্ৰস্থান পথত থকা কেইবাজোপাও পুৰণি গছ যোৱানিশা উভালি পৰাৰ ফলত কেন্দ্ৰৰ ষ্টুডিঅ’ আৰু কাৰ্যালয়লৈ বিদ্যুৎ যোগান যোৱা মাজনিশাৰ পৰা ব্যাহত হৈছে। যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই গছ কেইজোপাৰ শিপাৰ মাটি উটি যোৱাৰ ফলত এই গছ কেইজোপা উভালি পৰে আৰু কাষৰ বিদ্যুতৰ খুটা আৰু তাঁৰ ক্ষতিগ্ৰস্ত হয়। এই ঘটনাত আন কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। আকাশবাণী আৰু অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীৰ অভিযন্তা কৰ্মচাৰীসকলে ব্যাহত হোৱা বিদ্যুত যোগান পুনৰ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত থকা উচ্চ ক্ষমতাসম্পন্ন ডিজেল জেনেৰেটৰৰ সহায়ত বাতৰি সেৱাকে ধৰি নিয়মীয়া অনুষ্ঠান প্ৰচাৰ চলাই থকা হৈছে। এতিয়ালৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ স্বাভাৱিক হৈ আছে বুলি কেন্দ্ৰটোৰ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্রধানে জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।