সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰিৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সেই অনুসৰি আজি অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়া বিশ্বজিৎ ডেকাক বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে আজি চাৰিওগৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে ১৩জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল। এনে অভিযোগনামাৰ ভিত্তিত আদালতে ইতিমধ্যে ১২জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ৰাজ্যসভাৰ অধ্যক্ষৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে আদালতত এই পর্যন্ত গোচৰ লোৱা নাই বুলি অধিবক্তাই জনাইছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ভিতৰৰ পাঁচজন চৰকাৰী বিষয়া আৰু বিভিন্ন নির্মাণ সমিতিৰ বিষয়ববীয়া আৰু সদস্য আছে।
আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে সাংসদ এলেকা উন্নযন পুঁজিৰ অধীনত কামৰূপ মহানগৰ জিলাত ৪৪টা পথ নিৰ্মাণৰ আঁচনি লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত ২২খন আঁচনিৰ কাম সম্পূৰ্ণ হয়। ইপিনে, ১৭খন আঁচনিৰ কামৰ কোনো তথ্য লাভ কৰা নহ’ল বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত প্ৰকাশ পাইছে।
Site Admin | July 14, 2025 6:30 PM | Ajit bhuyan
আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত অজিত কুমাৰ ভূঞাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ