ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2025 8:48 PM | Air Strike

printer

আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ ব্যাপক আক্ৰমণ

ৰাছিয়াই আজি আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায়। এই আক্ৰমণত প্রায় ৬০০ ড্রোণ আৰু ২৬ টা ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰা হয়। চহৰসমূহক লক্ষ্য কৰি কৰা আক্ৰমণত দেশখনৰ পশ্চিম অঞ্চলৰ লভিভ, লুটস্ক, চর্নিভেষ্ট বেয়াকৈ ক্ষতিগ্রস্ত হয়। আক্ৰমণত ৰোমানিয়াৰ সীমান্তৱৰ্তী অঞ্চলত দুজন লোক নিহত হোৱাৰ লগতে ২০ জন লোক আহত হয়। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভডিমাৰ জেলেনক্সিয়ে এই আক্ৰমণৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি অসামৰিক আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ কথা ব্যক্ত কৰে। প্ৰত্যুত্তৰত ইউক্রেইনৰ বায়ু সেনাই ২৫ টা ক্ষেপনাস্ত্ৰ আৰু ৩১৯ টা ড্রোণ নিক্ষেপ কৰাৰ লগতে অতিৰিক্ত ২৫৮ টা ইলেক্‌ট্রনিক ৱাৰ ফেয়াৰ প্ৰতিৰোধ কৰে। ইফালে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি, কালি ১৫৫ খন ইউক্রেইনৰ ড্রোণ নিক্ষেপ কৰা হৈছিল, যত মস্কো অভিমুখী ১১ খন ড্রোণ আছে। শেহতীয়াকৈ ইউক্রেইনলৈ আমেৰিকাই আগবঢ়োৱা সামৰিক সহযোগিতা পুনৰ আৰম্ভ কৰাৰ মাজতে ইউক্রেইনৰ ভূখণ্ডৰ গভীৰতালৈ ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক