ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ আজি নৱম দিনাও দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে বিমান আক্রমণ অব্যাহত ৰাখিছে। যোৱা নিশা ইজৰাইলে ইৰাণৰ পাৰমানৱিক আন্তঃগাঁথনিত আক্রমণ চলায়। ইজৰাইলৰ সেনাই প্ৰকাশ কৰা মতে দেশখনে মধ্য ইৰাণৰ ক্ষেপনাস্ত্ৰ ঘাটি আৰু আন্তঃগাঁথনিত এলানি ক্ষেপনাস্ত্র আক্ৰমণ সংঘটিত কৰিছে। একেদৰে ইৰাণৰ চৰকাৰী সংবাদ মাধমেও ইস্ফাহানত থকা এটা পাৰমাণৱিক আন্তগাঠনিৰ স্থানত ইজৰাইলে আজি নিচেই পুৱাতে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। ইৰানৰ চৰকাৰী সংবাদমাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰে পৰা দেশখনত কমেও ৪৩০ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰে তিনি হাজাৰ লোক আহত হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলী কৰ্তৃপক্ষই ইৰানৰ ক্ষেপনাস্ত্র আক্ৰমণত ২৪ জন লোকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰই কৈছে যে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে এই যুদ্ধত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ বিষয়ে দুই-তিনি সপ্তাহত সিদ্ধান্ত গ্ৰহণ কৰিব।
Site Admin | June 21, 2025 8:25 PM | Iran-Israel
ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষ অব্যাহত
