ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি কৰা ঘোষণা সন্দৰ্ভত নগৰখনৰ নাগৰিকৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী বাতৰি বিভাগে কালি সন্ধিয়া প্ৰচাৰ কৰা বিশেষ সংবাদ চলন্তিকা আকাশবাণী ডিব্ৰুগড় কেন্দ্রই আজি নিশা চাৰে ৮ বজাত পুনৰ প্ৰচাৰ কৰে। পূর্বে সাত বাজি ৫ মিনিটত প্ৰচাৰিত ‘জিলাৰ ৰেহৰূপ’ অনুষ্ঠান কাইলৈৰ পৰা পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰৰ দিহা কৰা হৈছে। দিনৰ ১০ বজাত প্ৰচাৰিত মুখ্য বাতৰি কাইলৈৰ পৰা ১১ বজাত প্ৰচাৰ কৰা হ’ব। একেদৰে বিবিধ ভাৰতীযোগে পুৱা ৭ বাজি ২৮ মিনিট আৰু নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত মুখ্য বাতৰিৰ প্ৰচাৰ কাইলৈৰ পৰা বন্ধ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক