ডাউনলোড
মোবাইল এপ

android apple
signal

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ যাত্ৰীৰ আটাইকেইগৰাকীৰেই মৃত্যু

আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বয়িং 787-8 শ্ৰেণীৰ বিমানখনত ২৪২ গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্য আছিল। বিমানখনত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু ৭গৰাকী পর্তুগীজ নাগৰিক আছিল। আন ১২ গৰাকী লোকৰ ভিতৰত দুগৰাকী পাইলট আৰু চালক দলৰ ১০ জন সদস্য আছিল। দুর্ঘটনাগ্রস্ত স্থানৰো কেইবাগৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা বিজয় ৰূপানিয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। বিশ্বাস কুমাৰ ৰমেশ নামৰ এজন লোক দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিছে। বিমানখনৰ পাইলটগৰাকীয়ে দিনৰ ১ বাজি ৩৯ মিনিটত উৰা মৰাৰ ঠিক পাছতেই পূৰ্ণ জৰুৰী অৱস্থা ঘোষণা কৰি বিপৰ্যয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিল। বিমান নির্মাতা কোম্পানী বয়িঙে এটা বিবৃতিযোগে কৈছে, যে কোম্পানীটোৱে এয়াৰ ইণ্ডিয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু টাটা গোটে মালিকীস্বত্ব লোৱা বিমান পৰিবাহী সংস্থাটোলৈ যিকোনো সাহায্য আগবঢ়াবলৈ ই সাজু আছে। দুৰ্ঘটনাৰ পাছতেই বয়িঙৰ শ্বেয়াৰ কালি ৪ শতাংশৰো অধিক তললৈ নামে।

অধিক পঢ়ক

সকলো চাওক