দেশৰ অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াৰ তিনিজন বিষয়াক নিয়ম উলংঘনৰ অভিযোগত কৰ্মচাৰীৰ সময়সূচী প্ৰস্তুত আৰু ৰষ্টাৰিং সম্পৰ্কীয় দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণৰ নিৰ্দেশ দিছে। সঞ্চালকালয়ে লগতে বিষয়াকেইজনৰ বিৰুদ্ধে আভ্যন্তৰীণভাৱে অনুশাসনমূলক তদন্ত কৰি দহ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে।
এটা বিবৃতিত সঞ্চালকালয়ে কয় যে এই বিষয়াসকল কাৰ্য্যকৰী ত্ৰুটিৰ বাবে দায়ী আৰু বিগত বহুসময় ধৰি গুৰুতৰভাৱে নিয়ম উলংঘনত জড়িত আছিল। সঞ্চালকালয়ে লগতে উল্লেখ কৰিছে যে এই বিষয়াসকলে অননুমোদন নোহোৱাকৈ আৰু অনুপযুক্ত ক্রু পেয়াৰিং, অনুজ্ঞাপত্ৰ উলংঘন আৰু বিমান পৰিৱহনৰ সময়সূচী প্ৰট ‘কল আৰু নিৰীক্ষণত নিয়ম অমান্য কৰি আহিছিল।