আকাশবাণী গুৱাহাটীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ এই সন্দৰ্ভত ছফডৰজং চিকিৎসালয়ৰ শ্বাস-প্ৰশ্বাসজনিত ঔষধ বিভাগৰ অধ্যাপক নীৰজ গুপ্তা আৰু জ্যেষ্ঠ পৰিৱেশবিদ মুকুল ছানৱালৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১-২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক বায়ু প্রদূষণ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেষ্টটেগ AskAir যোগে সামাজিক মাধ্যম X-ত প্রশ্ন সুবিধ পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্রচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।