বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ ১১ বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্রতিযোগিতা অনুষ্ঠিত হ’ব। লেখক, কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্রতিযোগিতা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী, অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত ভাষণ দিব। বিদ্যালয়খনৰ জীৱ বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে কাইলৈ দিনৰ ১১ বাজি ১৫ মিনিটৰ পৰা এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।