আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩.০৫ বজাত বিশেষ প্রাসংগিক অনুষ্ঠানত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসংগিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকনে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব।