ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটী কেন্দ্ৰত মহিলাৰ বিশ্ৰাম কোঠা উদ্বোধন

আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি এটা মহিলাৰ বিশ্ৰাম কোঠা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্রধান আশীষ ভাটনাগৰে উদ্বোধন কৰা এই শীতোতাপযুক্ত বিশ্রাম কোঠাত মহিলা বিষয়া-কৰ্মচাৰীসকলে বিশ্রাম লোৱাৰ লগতে তেওঁলোকৰ উদ্ভাৱনী প্ৰতিভাৰ বিকাশ ঘটোৱাতো সহায়ক হ’ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালক প্ৰধান ৱালিউল খান, আন দুগৰাকী উপ-সঞ্চালকপ্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু সঞ্জীৱ শ্ৰীবাস্তৱ, অনুষ্ঠান শাখাৰ মুৰব্বী কৰ্দোলিন থাংকিউ আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰ উপস্থিত থাকে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।