ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ ১৬ আগষ্টৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো’ শীর্ষক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। “স্বাধীনতাৰ প্ৰত্যাশা-কি পালো, কি নাপালো” শীর্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।