ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ অহা ৭ জুনৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেইগৰাকীমান বাতৰি পঢ়োৱাৰ সৈতে অন্তৰংগ আলাপ

আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত। কিন্তু আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনে কেইগৰাকীমান বাতৰি পঢ়োতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ’ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ৭ জুনৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল’ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশিকাই ৷