ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজনঃ ড° নগেন শ‍ইকীয়া

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজন বুলি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শ‍ইকীয়াই মন্তব্য কৰিছে। শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি প্ৰচাৰিত বিশেষ দৃষ্টিপাত অনুষ্ঠানত ড° শ‍ইকীয়াই এই মন্তব্য কৰে। তেওঁ লগতে শব্দ বা বাক্য লিখাৰ ক্ষেত্ৰত খোকোজা দূৰ কৰাৰ বাবে এখন হাতপুথি প্রস্তুত কৰাৰ পোষকতা কৰে। অনুষ্ঠানটোত আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট শিক্ষাবিদ ড° কৰুণামোহন শৰ্মাইও বাতৰি বিভাগৰ কেইবাটাও অনুষ্ঠানৰ প্ৰসংগ উল্লেখ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বাতৰি পৰিৱেশকসকলক অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে। কেইবাগৰাকীও শ্ৰোতা আৰু বিশিষ্ট ব্যক্তিয়ে নিজৰ মতামত ব্যক্ত কৰা এই অনুষ্ঠানত শ্রোতাসকলে ফোনযোগে অংশ লৈ বিভিন্ন পৰামৰ্শ আৰু অভিমত আগবঢ়ায়। এই অনুষ্ঠানত বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে শ্ৰোতাসকলৰ প্রশ্নৰ সমিধান দিয়ে।

বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা-দুঃচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।