November 21, 2025 8:16 PM | AIR GUWAHATI

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা প্ৰচাৰণ বন্ধ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান এশ ৱাৰ্ট শক্তিসম্পন্ন আন এটা ট্রান্সমিটাৰৰ পৰা এফ এম মডত অনুষ্ঠান সূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত এফ এম ট্রান্সমিটাৰৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰণ বন্ধ কৰা হ’ব। ২৮ নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ-পাজৰৰ শ্ৰোতাসকলে সকলো এফ এম কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালক প্রধানে জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।